নিউজ ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ চলোৱাৰ আশংকা বৃদ্ধি পোৱাৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমযোগে লাভ কৰা হৈছে এখন বিশেষ আলোকচিত্ৰ। এই আলোকচিত্ৰখন ছেটেলাইটযোগে তোলা বুলি জানিব পৰা গৈছে।

ফটোখনত দেখা পোৱা গৈছে যে, ইউক্ৰেইনৰ সীমান্তত ৰাছিয়াৰ সেনা বাহিনী উপস্থিত আছে। আমেৰিকাৰ মেকঞ্জৰ কোম্পানীয়ে যোৱা ২৪ ঘন্টাত ছেটেলাইটযোগে তোলা এই ফটোখনত ৰাছিয়াৰ সেনা বাহিনীৰ ১০০ৰো অধিক বাহন আৰু বহু সৈনিক টেন্ট হাউছ ইউক্ৰেইন সীমান্তত থকা পৰিলক্ষিত হৈছে।

বেলগোৰোদৰ সমীপৱৰ্তী এলেকাত নতুন ফিল্ড হাস্পতালত নিৰ্মাণ কৰা হৈছে। আৰু এই অঞ্চলটো উত্তৰ-পশ্চিম ইউক্ৰেইনৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ নিলগত। তদুপৰি ইউক্ৰেইনৰ পূব সীমান্তৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈত দেখা গৈছে গধূৰ যন্ত্ৰ পৰিবহন কৰা বাহন, জিনপৰ টেংক, অস্ত্ৰ-শস্ত্ৰ, আন বহু যন্ত্ৰপাতি।

তদুপৰি ৰাছিয়াৰ ১৫০০০০ৰো অধিক সেনা জোৱান আছে এলেকাটোত। এই ফটোখন দেখাৰ পাছতে আমেৰিকাই সন্দেহ প্ৰকাশ কৰিছে যে ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাতো প্ৰায় নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply