দেশ জুৰি ক’ভিডৰ সংক্ৰমণ বৃদ্ধি আৰু অমিক্ৰণ ভয়াবহ ৰূপত বৃদ্ধি পোৱাৰ পিছতেই মেঘালয় চৰকাৰে নতুন এছ অ’ পি জাৰি কৰিছে। এতিয়াৰে পৰা যুগ্ম-অযুগ্ম নীতিৰে চলিব বাহন।

সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে জনসমাগম। দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰিছে। ৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নতুন এছ অ’ পি।


মেঘালয়ত প্ৰৱেশৰ পূৰ্বে সকলোৰে লাগিব আৰ টি- পি চি আৰ নিগেটিভ ৰিপ’ৰ্ট।
৭২ ঘণ্টাৰ ভিতৰত দেখুৱাব লাগিব নিগেটিভ ৰিপ’ৰ্ট। ৰাজ্যখনত যুগ্ম-অযুগ্ম নীতিৰে চলিব বাহন।


সকলোধৰণৰ জনসমাগম, ৰাজনৈতিক, সামাজিক অনুষ্ঠান নিষিদ্ধ ঘোষণা কৰিছে। বিবাহৰ অনুষ্ঠানত সৰ্বাধিক ১০০ লোকৰ উপস্থিতিত অনুমতি।


শেষকৃত্য অনুষ্ঠানত সৰ্বাধিক ৫০ জন লোকে অংশগ্ৰহণ কৰিব পাৰিব। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply