নিউজ ডেস্ক : গৱেষকসকলে মিজোৰামত এক নতুন প্ৰজাতিৰ সাপ উদ্ধাৰ কৰিছে। Stoliczkia Vanhnuailianai নামৰ সাপটোৰ স্থানীয় নাম হৈছে ‘ৰুলফুছিন’ (Rulphusin) অৰ্থাৎ ‘পাতল চেকোৰাৰ সাপ’। সাপটোৰ দৈৰ্ঘ্য হৈছে ৫০ চেণ্টিমিটাৰ।

ই এটা বিষহীন সাপ বুলি গৱেষকসকলে জানিবলৈ দিয়ে।

মিজোৰামৰ বিখ্যাত যোদ্ধা Vanhnuailianaৰ প্ৰতি শ্ৰদ্ধা জনাই সাপটোৰ নাম Stoliczkia Vanhnuailianai ৰখা হৈছে। ‘লুছাই হিল্ছ ড্ৰেগন স্নেক’ হিচাপেও ইয়াক নামাকৰণ কৰা হৈছে।

মিজোৰামৰ ফুলপুই অঞ্চলত উক্ত সাপটোক উদ্ধাৰ কৰাৰ পিছত প্ৰথমে সাপটোক মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰাণীতত্ত্ব বিভাগলৈ নিয়া হয় আৰু পিছত কলিকতাস্থিত Zoological Survey of India আৰু লণ্ডনৰ Natural History Museum লৈ অধিক সুক্ষ্ম চিনাক্তকৰণৰ বাবে প্ৰেৰণ কৰা হয়।

বিজ্ঞানীসকলে সাপটোক ‘Stoliczkia’ শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণীৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু নামকৰণ পদ্ধতিৰ বিশ্বৰ এখন আগশাৰীৰ গৱেষণা জাৰ্ণেল Zootaxaত ফাইণ্ডিংছসমূহ প্ৰকাশ পাইছে।

ইমান দিনে ‘Stoliczkia’ শ্ৰেণী প্ৰজাতিৰ দুটা উপ প্ৰজাতি আছে বুলি ধৰি অহা হৈছিল যদিও এতিয়াৰ পৰা প্ৰজাতিৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে- Stoliczkia khasiensis,  Stoliczkia borneensis আৰু নতুনকৈ আৱিস্কাৰ হোৱা Stoliczkia vanhnuailianai।

এই প্ৰজাতি কেইটাক বিৰল প্ৰজাতিৰ সাপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। Stoliczkia borneensis প্ৰজাতিটো কেৱল ইণ্ডোনেচিয়াৰ বৰনেও দ্বীপ (Borneo Island)ত পোৱা যায়। নতুনকৈ আৱিস্কাৰ হোৱা Stoliczkia vanhnuailianai কেৱল মিজোৰামত হে পোৱা যায়।

লগতে পঢ়ক : আজি সৌৰভ গাংগুলীৰ জন্মদিন; ‘দাদা’ৰ এই কেইটা কথা আপুনি জানেনে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply