নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিৰ বিৰুদ্ধে অব্যাহত হিংসাত্মক প্ৰতিবাদ আৰু অসমৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব ৰে’লৱেই সোমবাৰে প্ৰায় ২৬খন ট্ৰেইনৰ চলাচল বাতিল কৰে।
ইয়াৰ উপৰি বহু কেইখন ট্ৰেইনৰ সময়সূচী তথা পথৰ সালসলনি ঘটোৱা হৈছে, এন এফ ৰে’লৱেৰ এক বিভাগীয় বিজ্ঞপ্তিত জনোৱা হয়।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া সব্যসাচী দেয়ে জনোৱা মতে সোমবাৰে বাতিল কৰা ট্ৰেইন কেইখনৰ ওপৰি মঙলবাৰৰ বাবে আন ৫খন ট্ৰেইনৰ চলাচল বাতিল কৰা হৈছে।
তেওঁ জনোৱা মতে বিহাৰত ‘অগ্নিপথ’ বিৰুদ্ধে চলি থকা হিংসাত্মক প্ৰতিবাদৰ বাবে গুৱাহাটীৰ পৰা উত্তৰ ভাৰতলৈ যোৱা বেছিভাগ ট্ৰেইন হয় বাতিল নহয় সেইসমূহৰ সময়সূচীৰ সালসলনি ঘটোৱা হৈছে। আনহাতে অসমলৈ আহিব লগীয়া ট্ৰেইনসমূহ বানপানীৰ বাবে বাতিল নতুবা সময়সূচী সালসলনি ঘটোৱা হৈছে বুলি তেওঁ কয়।
উল্লেখযোগ্য যে বিহাৰত ‘অগ্নিপথ’ আঁচনিৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদত বহু কেইখন ট্ৰেইন জ্বলাই দিয়াৰ লগতে ৰে’লৱেৰ বহু সম্পত্তি ধ্বংস কৰি পেলোৱা হৈছে। আনহাতে শেহতীয়া বানে চাপৰমুখ জংছন আৰু ৰঙিয়া সংমণ্ডলৰ হৰিছিঙা টংলাত ৰেলপথৰ বিস্তৰ ক্ষতিসাধন কৰে।
লগতে পঢ়ক – ফেক্ট-চেক: অসমত উদ্ধাৰ কৰা হৈছে নেকি এই প্ৰকাণ্ড ঘঁৰিয়ালটো?