নিউজ ডেস্ক-  মঙলবাৰে সন্ত্ৰাসবাদীৰ পুঁজিৰ অনুসন্ধানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA এ পঞ্জাব, হাৰিয়ানাকে ধৰি আন ছয়খন ৰাজ্যৰ বিভিন্ন গেংষ্টাৰৰ ঘৰত তালাচী অভিযান চলায়।  

উল্লেখ্য যে, পাকিস্তান আৰু কানাডাৰ দৰে দেশত সক্রিয় সন্ত্রাসবাদী গোট আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ীসকলৰ সৈতে একেলগে কাম কৰা এই গেংষ্টাৰসকলৰ বিৰুদ্ধে NIAয়ে এই অভিযান চলায়। এই অভিযানত সংস্থাটোৱে মুঠ ৭৬ টা স্থানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে ২.৩ কোটি নগদ ধন জব্দ কৰে। NIAৰ অভিযানবোৰৰ ভিতৰত এইটো আছিল পঞ্চম অভিযান।

আনহাতে, পাঞ্জাৱত ভাতিণ্ডা, মোখচৰ, যোগা, ফাজিলকাত, লুধিয়ানা, মোহালি, ফিৰোজপুৰ, তৰণ তৰণ, ফৰিদকোট, চাংৰুৰ আৰু জলন্ধৰ জিলাত এই অভিযান চলোৱা হয়। হাৰিয়ানাত চলোৱা অভিযানসমূহৰ ভিতৰত গুৰুগ্ৰাম, যমুনানগৰ, ৰোহতক, মহেন্দ্ৰগড়, চিৰ্‌চা আৰু ঝাজ্জৰ জিলা অন্যতম। এই অভিযানসমূহত কানাডাস্থিত অর্শদীপ সিং ‘আৰ্শ দাল্লা’ৰ সৈতে সম্পর্কিত আছিল। NIAৰ দলে পঞ্জাবৰ ভাতিণ্ডা, মোখচৰ, ফৰিদকোট আৰু ফিৰোজপুৰ জিলাত গেংষ্টাৰ ৰামমি মাচানাৰ বিৰুদ্ধে তালাচী অভিযান চলায় আৰু মোখচৰ জিলাৰ লাম্বিৰ ওচৰৰ এজন গাঁওবাসীক এখন ধনদাবী কৰা ছীম কাৰ্ড ৰখাৰ বাবে আটক কৰে।

লগতে NIAৰ আন এটা দলে সুৰা ব্যৱসায়ী ৰবীন্দ্ৰ মালিকৰ বাসগৃহতো তালাচী চলায় আৰু ৰোহতকৰ অপৰাধী হিমাংশু ভাউক জিম্মাত লয়। সেই অভিযানৰ সময়ত সুৰা ব্যৱসায়ী ৰবীন্দ্ৰ মালিক ঘৰত উপস্থিত নাছিল।

NIAৰ মতে, গিদ্দাৰবাহাৰ (মোখচৰ, পাঞ্জাৱ) লাখবীৰ সিঙৰ চৌহদত, আবোহাৰত নৰেশ (ফাজিলকা, পঞ্জাব), নানাউলত সুৰেন্দ্ৰ ওৰফে চিকু (মহেন্দ্ৰগড়, হাৰিয়ানা), কৌশল চৌধুৰী আৰু অমিত ডাগৰ (গুৰু গ্ৰাম) ঘৰতো তালাচী চলোৱা হৈছিল।

আনহাতে NIA ৰ দলটোৱে,  হাৱালা অপাৰেটৰ, কাবাড়ী খেলুৱৈ, অস্ত্ৰ সৰবৰাহকাৰী, ব্যৱসায়ী আৰু তেওঁলোকৰ অভিযুক্ত ধন সৰবৰাহকাৰীসকলৰ ঘৰতো তালাচী চলায়। ইয়াৰ পূৰ্বে NIAয়ে ফাজিলকা জিলাৰ দুতানৱালী গাঁৱত গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু মোখচৰত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ গুদামত তালাচী চলাইছিল ।

পাঞ্জাৱ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে, NIAয়ে অভিযানৰ বিতং তথ্য প্ৰকাশ কৰা নাই যদিও আৰক্ষীয়ে ড্ৰাগছ থকা অঞ্চলবোৰত অসামাজিক উপাদান আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে তালাচী অভিযান চলায়। উক্ত অঞ্চলবোৰত সঘনাই ড্ৰাগছ সৰবৰাহৰ অভিযোগ আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply