নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন অচিনাক্ত লোকে হত্যাৰ ভাবুকি প্ৰদান কৰাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)-ৰ মুম্বাইস্থিত শাখাই এজন লোকৰ পৰা প্ৰধান মন্ত্ৰীক হত্যাৰ ভাবুকি দি প্ৰেৰণ কৰা ই-মেইল লাভ কৰিছে।

ই-মেইলটোত প্ৰেৰকজনে তেওঁৰ সৈতে ‘২০ কেজি আৰ ডি এক্স’ আছে বুলি উল্লেখ কৰি তেওঁ প্ৰধান মন্ত্ৰীৰ উপৰি লাখ লাখ লোকক হত্যা কৰিবলৈ সাজু হৈ আছে বুলি কয়।

‘…মোৰ পৰিকল্পনা হৈ গৈছে, ২০ টা শ্লিপাৰ চেল সক্ৰিয় কৰি ৰখা হ’ব আৰু লাখ লাখ লোকৰ মৃত্যু হ’ব..’ ই-মেইলত লোকজনে কয়।

NIA কে ধৰি আন চোৰাংচোৱা সংস্থাসমূহে উক্ত ই-মেইল প্ৰেৰণ কৰা ব্যক্তিজনৰ অনুসন্ধানত অভিযান চলাই আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে IP address ট্ৰক কৰিছে বুলি জানিবলৈ দিয়ে।

অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে NIA-ৰ তৰফৰ পৰা এই সম্পৰ্কত কোনো বিভাগীয় বিজ্ঞপ্তি প্ৰকাশ কৰা নাই।

লগতে পঢ়ক – শ্ৰীলংকাত ভয়ংকৰ বিত্তীয় সংকট; স্তব্ধ ডিজেলৰ বিক্ৰী, কলম্বোত সান্ধ্য আইন জাৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply