নিউজ ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি কেইজনৰ কথা সুধিলে সকলোৰে মনলৈ আহে এলন মাস্ক, বিল গেটছৰ নাম। কিন্তু আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া আৰৱপতিজনৰ নাম? তেওঁ হৈছে এটি ৯ বছৰীয়া শিশু, যি নিজৰ ব্যক্তিগত জেট প্লেনত ঘূৰে, প্ৰকাণ্ড বাংলোত বাস কৰে।

নাইজেৰিয়াৰ লাগোছৰ নিবাসী মহম্মদ অৱাল মুস্তাফা মাত্ৰ ৭ বছৰ বয়সতে পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া আৰৱপতিৰ তালিকাত শীৰ্ষ স্থানত আছে। মহম্মদ মুস্তাফা এজন বেবী ইনফ্লুয়েন্সাৰ (Baby Influencer)। তেওঁ ইনষ্টাগ্ৰামত নিয়মীয়াকৈ ভিডিঅ’ আপলোড কৰে।

মুস্তাফাৰ ইনষ্টাগ্ৰামত ২৭০০০ ফ’ল’ৱাৰ্ছ আছে। উল্লেখ্য যে, মহম্মদ অৱাল মুস্তাফা ইন্টাৰনেট চেলিব্ৰিটী ইছমালিয়া মুস্তাফাৰ পুত্ৰ। ইছমালিয়া মুস্তাফাইয়ো নিয়মীয়াকৈ ইনষ্টাগ্ৰাম একাউন্টত ভিডিঅ’ আপলোড কৰে আৰু তেওঁৰ আছে প্ৰায় ১০ লাখ ফ’ল’ৱাৰ্ছ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply