নিউজ ডেস্ক : জম্মু কাশ্মীৰৰ দোদা জিলাত সংঘটিত এক ভংয়কৰ পথ দুৰ্ঘটনাত এখন বাছ পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰি ৯ জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন গুৰুতৰভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য মতে আজি দিনত দোদাৰ পৰা থাথ্ৰি অভিমুখে গৈ থকা যাত্ৰীবাহী মিনিবাছখনে ছুই গৌৰি অঞ্চলত দুৰ্ঘটনাত পতিত হয়। বিভাগীয় সূত্ৰই জনোৱা মতে দ খাৱৈত বাগৰি পৰা বাছখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে।
দুৰ্ঘটনাৰ ফলত ৮ জন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে আন এজনে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
আহতসকলক দোদাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৭ গৰাকী যাত্ৰীক বিমানৰ জৰিয়তে জম্মুৰ Government Medical College (GMC) হস্পিটাললৈ প্ৰেৰণ কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।
লগতে পঢ়ক : মেঘালয়ত এন পি পি, কংগ্ৰেছ সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসা; ১২জন আহত