নিউজ ডেস্কঃ সোমবাৰে মণিপুৰত উপস্থিত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। ৰাজ্যখনৰ উখৰালত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে- মণিপুৰৰ সহায়-সহযোগিতা অবিহনে আমি আত্মনিৰ্ভৰ ভাৰতৰ সপোনক বাস্তৱ কৰিব নোৱাৰিম। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে মণিপুৰৰ বিকাশৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগত কয় যে- ‘মণিপুৰত ঘাইপথ নিৰ্মানৰ বাবে বহু কেইটা ঘোষণা কৰা হৈছে। এই বিধানসভা নিৰ্বাচনৰ দ্বাৰা কোনো ৰাজনৈতিক দলৰ ভৱিষ্যৎ গঢ়া নহয়, গঢ়া হ’ব মণিপুৰৰ ভৱিষ্যৎ। বিজেপি সাধাৰণ ৰাইজৰ দল, আমি সমগ্ৰ দেশৰ বাবে চিন্তা কৰো। আমি কেতিয়াও উত্তৰ-পূবৰ সৈতে ভেদ ভাৱ কৰা নাই।’ উল্লেখ্য যে, অহা ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত মণিপুৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।