গুৱাহাটী : ন্যায়ালয়ৰ ৰোসত পৰাৰ পিছতে কঠোৰ হৈছে দেশৰ নিৰ্বাচন আয়োগ। নিৰ্বাচনৰ ফলাফলৰ পিছত বিজয় উৎসৱ পালন নকৰাৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। অহা ২ মে’ত অসমৰ লগতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত কৰা হ’ব। কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক ভোট গণনা বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল।

অহা ২ মে’ত অসমৰ লগতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত কৰা হ’ব। দেশত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ এই জটিল সময়ছোৱাৰ মাজতে বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব। ভোট গণনা লগতে নিৰ্বাচনত জয়লাভৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে। ভোট গণনাৰ পিছত জয়লাভ কৰা ৰাজনৈতিক দলে কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে।

আৰু পঢ়কঃমানকাচৰত ৭ জনকৈ বি এছ এফৰ জোৱান নতুনকৈ কভিডত আক্ৰান্ত

বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ অন্তত বিজয় লাভ কৰা প্ৰাৰ্থী সকলে বিজয় হোৱাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ সময়তো লগত দুজন লোক নিব পাৰিব বুলিও নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। শেহতীয়াকৈ দেশত কভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা সন্দৰ্ভত মাদ্ৰাছ উচ্চ ন্যায়ালয়ত সোমবাৰে এক শুনানি হৈছিল। কভিড মহামাৰীৰ সংহাৰী ৰূপৰ মাজতে ৰাজনৈতিক দল সমূহে বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছিল মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। উক্ত শুনানিত ন্যায়ালয়ে নিৰ্বাচন আয়োগক হত্যাকাৰী ৰূপে আখ্যা দিছিল।

আৰু পঢ়কঃ কামৰূপ মহানগৰ জিলাৰ চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰোসত পৰা নিৰ্বাচন আয়োগক ন্যায়ালয়ে ভোট গণনা বন্ধ কৰি দিয়াৰো হুংকাৰ দিছিল। ন্যায়ালৰৰ ৰোসত পৰাৰ পিছতে নিৰ্বাচন আয়োগে ভোট গণনাৰ পিছত বিজয় উৎসৱকলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক আদৰণি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,869 other subscribers

Leave a comment

Leave a Reply