নিউজ ডেস্কঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে টুইটাৰত চাউল-দাইলকে ধৰি মুঠ ১৪বিধ সামগ্ৰীৰ এখন তালিকা শ্বেয়াৰ কৰে। খাদ্যশস্য, চাউল, ময়দা আৰু দৈৰ আদি সামগ্ৰীৰ ওপৰত ৫ শতাংশ জিএছটি ৰখাৰ চৰকাৰৰ সিদ্ধান্তৰ সপক্ষে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে জিএছটি কেৱল পেকেজিং আৰু লেবেলযুক্ত সামগ্ৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। এই ১৪বিধ সামগ্ৰী যদি পেকেজিং অবিহনে খোলাকৈ বিক্ৰী কৰা হয়, তেনেহ’লে কোনো জিএছটি হাৰ প্ৰযোজ্য নহ’ব।এই সিদ্ধান্ত যোৱা মাহৰ চণ্ডিগড়ত অনুষ্ঠিত জিএছটি পৰিষদৰ ৪৭ তম বৈঠকতে লোৱা হৈছিল

বিত্তমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত কেইবাটাও টুইট কৰি কয়, ”শেহতীয়াকৈ জিএছটি পৰিষদে ইয়াৰ ৪৭ তম বৈঠকত মাহজাতীয় শস্য, আটা আদিৰ দৰে নিৰ্দিষ্ট খাদ্যৰ ওপৰত জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ পৰামৰ্শ দিছে। কাৰণ এইক্ষেত্ৰত বহুতো ভুল তথ্য প্ৰচাৰ হৈছে। ”
বিত্তমন্ত্ৰী গৰাকীয়ে আন এটা টুইটত কয়, ”এইয়া পোন প্ৰথমবাৰৰ বাবে খাদ্যৰ ওপৰত কৰ আৰোপ কৰা হৈছে নেকি? নহয়, চৰকাৰবোৰে জিএছটি-ৰ পূৰ্বৰ ব্যৱস্থাত খাদ্যশস্যৰ পৰা যথেষ্ট ৰাজহ সংগ্ৰহ কৰি আছিল। কেৱল পঞ্জাৱেই purchase tax হিচাপে খাদ্যশস্যৰ ওপৰত ২,000 কোটি টকাৰ অধিক সংগ্ৰহ কৰিছিল। উত্তৰ প্ৰদেশে সংগ্ৰহ কৰিছে ৭০০ কোটি টকা।”