এতিয়া ৰাজ্যত পৰীক্ষাৰ বতৰ তাৰবাবে সাজু হৈছে সকলো। এফালে যেনেকৈ পৰীক্ষাৰ্থী বোৰ সাজু আনফালে পৰীক্ষাৰ আয়োজক সকলো পৰীক্ষা সমূহ নিয়াৰীকৈ আয়োজনত লাগিছে। পৰীক্ষাৰ বাবেই
৮দিনৰ বাবে বন্ধ কৰিছে ইন্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আগন্তুক আগত্তক এসপ্তাহ ধৰি নাথাকে ইন্টাৰনেট সেৱা। পুৱা ১১বজাৰ পৰা বিয়লী ৩.১৫বজালৈকে পৰীক্ষাৰ দিন কেইটাত বন্ধ থাকিব ইন্টাৰনেট সেৱা। এই সিদ্ধান্ত গ্ৰহণৰ কৰিছে পশ্চিম বংগ মমতা বেৰ্নাজীৰ চৰকাৰে।
পশ্চিম বংগৰ ৭খন জিলাত ৮দিনৰ বাবে ইন্টাৰনেট সেৱা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই জিলাকেইখন হৈছে মালদা, মুৰ্ছিদাবাদ, উত্তৰ দিনাজপুৰ, কোচবিহাৰ, জলপাইগুৰি, বীৰভূম আৰু দাৰ্জিলিং ।
এই জিলাত বন্ধ থাকিব ইন্টাৰনেট সেৱা। এই জিলাকেইখনত ইন্টাৰনেট কৰ্তন কৰাৰ কাৰন হল, আগন্তুক ৰাজ্যখনত হব লগা বৰ্ড পৰীক্ষাৰ নকল ৰোধ কৰা। ৰাজ্যখনত এইবৰ্ষৰ দশমমান শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অহা ১৬মাৰ্চত শেষ হব।