নিউজ ডেস্কঃ দেশত বৰ্তমান সময়ত হিজাব বিতৰ্কক অব্যাহত থকাৰ লগতে এই বিতৰ্ক বিদেশতো সৃষ্টি হৈছে। তাৰ মাজতে হিজাব বিতৰ্কক লৈ বিদেশ মন্ত্ৰণালয়ে স্পষ্টকৈ কয় যে- এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়। এই বিতৰ্কক লৈ ন্যায়ালয়ত শুনানি চলি আছে। এই বিষয়ক লৈ দেশৰ বাহিৰৰ লোকে কোনো ধৰণৰ মন্তব্য কৰাৰ অধিকাৰ নাই।

বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা অৰিন্দম বাগচীয়ে সাংবাদিকৰ আগত হিজাব বিতৰ্কৰ লগতে চীন সীমান্তক লৈও মন্তব্য কৰে। তেওঁ কয় যে- চীন সীমান্তৰ স্থিথি সন্দৰ্ভত ইতিমধ্যে সকলো স্পষ্ট কৰা হৈছেই। তাতকৈ অধিক কোৱাৰ কোনো প্ৰয়োজন নাই।

ইফালে, ইউক্ৰেইন-ৰাছিয়া সমা বিবাদক লৈও সাংবাদিকে অৰবিন্দ বাগচীক প্ৰশ্ন কৰাত তেওঁ কয় যে- ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে তাৰ পৰা অনা দিশটো আমি নজৰ ৰাখিছো। আৰু ভাৰতীয় নাগৰিকসকলে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। তাৰ পৰা বিমান সেৱা চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply