ক’ভিড-১৯ক লৈ আতংকিত নহ’বলৈ দেশবাসীক আহ্বান জনাইছে বিশিষ্ট স্বাস্থ্য বিশেষজ্ঞ তথা সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সঞ্চালক ডাঃ ৰণদ্বীপ গুলেৰিয়ায়।
যোৱা দেওবাৰে এইমছৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ নবীত ৱিগ, মেদান্তৰ অধ্যক্ষ ডাঃ নৰেশ ত্ৰেহান আৰু সাধাৰণ স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ সুনীল কুমাৰৰ সৈতে ক’ভিড সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি তেওঁ এই আহ্বান জনায়।
ক’ভিডে সৃষ্টি কৰা এই পৰিস্থিতি কিদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে সংবাদমেলখনত চিকিৎসককেইজনে ব্যাখ্যা কৰে।
ৰণদ্বীপ গুলেৰিয়া কয়, ‘ক’ভিড-১৯ এক সাধাৰণ সংক্ৰমণ, ৮৫ৰ পৰা ৯০ শতাংশ লোকৰ ক্ষেত্ৰত কাহ, জ্বৰ, গাৰ বিষ আদি সাধাৰণ সক্ষণ দেখা দিয়ে আৰু এনে ক্ষেত্ৰত ৰেমডিছিভিৰৰ প্ৰয়োজন নাথাকে। জ্বৰ কাহৰ সাধাৰণ দৰৱ বা ঘৰুৱা চিকিৎসা কৰিয়ে ইয়াৰ পৰা ভাল পাব পাৰি। ৭ৰ পৰা ১০ দিনৰ ভিতৰত আপুনি আৰোগ্য হৈ উঠিব। গতিকে অক্সিজেন বা ৰেমডেচিভিৰ অপচয় নকৰিব।‘
ডাঃ নৰেশ ত্ৰেহানে কয়, ‘আপোনাৰ RT-PCR প্ৰতিবেদন পজিটিভ হোৱাৰ লগে লগে মই আপোনাক স্থানীয় চিকিৎসকৰ পৰামৰ্শ ল’বলৈ কম। সকলো চিকিৎসকে প্ৰটোকল জানে আৰু সেই অনুসৰি তেওঁলোকে চিকিৎসা আৰম্ভ কৰিব। সময়মতে সঠিক ঔষধ প্ৰদান কৰিলে ৯০ শতাংশ ৰোগীক ঘৰতে আৰোগ্য কৰিব পাৰি।
আনহাতে ভেকছিনৰ বিষয়ে বহুতো উৰাবাতৰি চলি আছে বুলি উল্লেখ কৰি স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান সুনীল কুমাৰে কয়, ‘কোনো ভেকছিনৰে গুৰুতৰ পাৰ্শ্বক্ৰিয়া নাই। ভেকছিন আৰু কোভিডৰ সৈতে আচৰণ দুয়োটা বস্তুয়ে সংক্ৰমণৰ শৃংখলা ভঙাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।‘
এইমছৰ মেডিচিন বিভাগৰ মুৰব্বী ডাঃ নবিত ৱিগে সংক্ৰমণৰ শৃংখলা ভঙাৰ লগতে ৰোগীৰ সংক্ৰমিত হোৱাৰ ঘটনা হ্ৰাস কৰিব লাগিব বুলি কয়। ‘আমাৰ লক্ষ্য কেৱল এটা হ’ব লাগে শৃংখলাটো ভাঙিব লাগে। আমি ৰোগটোক পৰাস্ত কৰিব লাগিব।‘ তেওঁ কয়।
ডাঃ ৱিগে সকলো জিলা কৰ্তৃপক্ষই সংক্ৰমণৰ হাৰৰ ওপৰত নজৰ ৰাখি ইয়াক ১ ৰ পৰা ৫ শতাংশৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে বুলি কয়। মুম্বাইত আক্ৰান্তৰ হাৰ ২৬ শতাংশ আছিল বুলি উল্লেখ কৰি প্ৰতিবন্ধকতাৰ পিছত এই হাৰ ১৪ শতাংশৰ তললৈ নামে বুলি মন্তব্য কৰে।