নিউজ ডেস্কঃ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা জেইই আৰু চিকিৎসাবিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা এনইইটিক CUETৰ সৈতে সৈতে একত্ৰিত কৰাৰ কোনো পৰিকল্পনা নাই।
বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে যোৱা আগষ্ট মাহত কৈছিল যে ভৱিষ্যতে জেইই আৰু এনইইটি ক CUETৰ সৈতে একত্ৰিত কৰা হ’ব।
গৃহ ৰাজ্য উৰিষ্যাৰ কোটালৈ মঙলবাৰে এদিনীয়া ভ্ৰমণৰ বাবে অহা ধৰ্মেন্দ্ৰ প্ৰধানে কোটাৰ এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি কয়, “NEET, JEE ক CUETৰ সৈতে একত্ৰীকৰণ বৰ্তমান এক ধাৰণা, এক চিন্তা আৰু চৰকাৰে এতিয়ালৈকে নীতিগতভাৱে ইয়াৰ ওপৰত সিদ্ধান্ত লোৱা নাই।”
প্ৰধানে লগতে কয়, “NEET, JEE ক CUETৰ সৈতে একত্ৰিত কৰাৰ কোনো প্ৰস্তাৱ লাভ কৰা নাই আৰু তিনিটা পৰীক্ষাৰ একত্ৰীকৰণৰ ধাৰণাটোৰ ওপৰত সিদ্ধান্ত ল’বলৈ আৰু এক সংযুক্ত পৰীক্ষা (Combined test) অনুষ্ঠিত কৰিবলৈ কমেও দুবছৰ লাগিব”।
৯ম শ্ৰেণীৰ পৰা কিতাপৰ বিষয়বস্তু বৃদ্ধি কৰা হ’ব যাতে শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অন্য কিতাপৰ সহায় ল’ব নালাগে।নতুন শিক্ষা নীতি-২০২০ৰ অধীনত নতুন কিতাপসমূহ অহা দুবছৰৰ ভিতৰত প্ৰকাশ পাব।
NEP-2020 কাৰ্যকৰী হৈছে আৰু Bal Vatika (kindergarten) নামেৰে পাঁচ বছৰীয়া ফাউণ্ডেচন পাঠ্যক্ৰম ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয়ত আৰম্ভ হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশত এখন ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে য’ত শিক্ষাৰ্থীসকলে দ্বৈত ডিগ্ৰীৰ বাবে বহুমুখী পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।
ইফালে, মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক National Curriculum Framework Citizen জৰীপৰ বাবে কিতাপ আৰু অধ্যয়ন সামগ্ৰীৰ বিষয়বস্তুৰ ওপৰত তেওঁলোকৰ পৰামৰ্শ দিবলৈ আহ্বান জনায় আৰু তেওঁলোকৰ ধাৰণাসমূহ বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে।
উল্লেখ্য যে, প্ৰতি বছৰে বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সমগ্ৰ দেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে কোটাৰ কেইবাটাও প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰে।