নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰণালয়ে কোভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি যিবোৰ বাধা-নিষেধাজ্ঞা জাৰি কৰিছিল সেইবোৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে স্পষ্ট কৰি দিয়ে যে ৩১ মাৰ্চৰ পাছতো মাস্ক পৰিধান কৰা আৰু হাত ছেনিটাইজ কৰাৰ দৰে নিয়মবোৰ অব্যাহত থাকিব।
মন্ত্ৰণালয়ে টুইটাৰত লিখিছে- ”একাংশ সংবাদ মাধ্যমত বাতৰি যোগে কোৱা হৈছে যে, মাস্ক পৰিধান কৰা আৰু হাত ছেনিটাইজ কৰা নিয়মবোৰ প্ৰত্যাহাৰ কৰা হৈছে। কিন্তু এয়া সত্য নহয়। সকলোৱে মাস্ক পৰিধান কৰিব লাগিব আৰু হাত ছেনিটাইজ কৰিব লাগিব।’
উল্লেখ্য যে, ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৭৭৮জন লোক। বৰ্তমান সময়ত দেশত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩,০৮৭জন ৰোগী। ইফালে, এতিয়া দেশত আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ আৰু যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ২৫৪২জন লোক।