নিউজ ডেস্ক: ৯ বছৰ ধৰি চলা দীঘলীয়া আইনী যুঁজৰ অন্ত পেলাই আজি অৱশেষত ভাঙি পেলোৱা হ’ল নয়ডাস্থিত ছুপাৰটেক টুইন টাৱাৰ। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে ধূলিসাৎ হৈ পৰে ১০০ মিটাৰ উচ্চতাৰ আকাশচুম্বী অট্টালিকাটো।
দিল্লীৰ বিখ্যাৎ কুটুব মিনাৰতকৈ ওখ অট্টালিকাটো ভাঙি পেলোৱাৰ সময়ত যথেষ্ট সাৱধানতা অৱলম্ব কৰা হৈছিল। বিস্ফোৰণৰ লগে লগে গোটেই অঞ্চলটো কিছু সময়ৰ বাবে ধূলিৰ ডাৱৰে গ্ৰাস কৰি ধৰে যদিও অট্টালিকাটোৰ কাষত থকা বিল্ডিংসমূহৰ কোনোধৰণৰ ক্ষতিসাধন হোৱা নাই বুলি জানিব পৰা গৈছে।
টুইন টাৱাৰটো ভঙাৰ উদ্দেশ্যে আজি পুৱাৰে পৰা অঞ্চলটোত প্ৰায় ৫০০ গৰাকী আৰক্ষী আৰু যান বাহন আৰক্ষী মোতায়েন কৰা হৈছিল আৰু দিনৰ ২.১৫-ৰ পৰা ২.৪৫ বজালৈ নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱে’ বন্ধ কৰি ৰখা হৈছিল।
জানিব পৰা মতে, টুইন টাৱাৰটো ভাঙিবলৈ মুঠ ২০ কোটি টকা ব্যয় কৰা হয়, এই ব্যয় নিৰ্মাণকাৰী প্ৰতিষ্ঠান ছুপাৰটেক লিমিটেডে বহন কৰে।
উল্লেখযোগ্য যে ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ছুপাৰটেক টুইন টাৱাৰক অবৈধ ঘোষণা কৰিছিল। ইয়াৰ পিছত বিষয়টো উচ্চতম ন্যায়ালয়লৈ যায় আৰু ৯ বছৰ ধৰি চলা আইনী যুঁজৰ অন্তত উচ্চতম ন্যায়ালয়ে অট্টালিকাটো ভঙাৰ নিৰ্দেশ দিয়ে।
লগতে পঢ়ক – আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা জীৱন মৰাণৰ মৃত্যু