নিউজ ডেস্ক : ক’ভিডত আক্ৰান্ত হৈছে বলিউডৰ অভিনেত্ৰী নোৰা ফাতেহি। অভিনেত্ৰী গৰাকীয়ে আজি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই কথা জনাইছে।

২৯ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে তেওঁৰ ওপৰত ক’ভিডৰ প্ৰভাৱ ‘যথেষ্ট শক্তিশালীভাৱে’ পৰিছে যাৰ বাবে তেওঁ যোৱা কিছুদিনৰ পৰা শষ্যাগত হৈ থাকিব লগীয়া হৈছে।

বৰ্তমান চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ আছে বুলিও অভিনেত্ৰী গৰাকীয়ে লগতে জনায়।

“Bhuj: The Pride of India”, “Street Dancer 3D” আদি চিনেমাত অভিনয় কৰা নোৰা ফাতেহিয়ে ইনষ্টাগ্ৰামৰ প’ষ্টৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলক মাস্ক পৰিধান কৰাৰ লগতে সুস্থ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

অভিনেত্ৰী গৰাকীৰ এগৰাকী ব্যক্তিগত সহায়কাৰীয়ে জনোৱা মতে দুদিন পূৰ্বে ফাতেহিৰ ক’ভিড পজিটিভ ধৰা পৰিছিল আৰু ক’ভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা তেওঁ ঘৰৰ বাহিৰলৈ ওলোৱা নাই।

লগতে পঢ়ক : ডেৰ দশকৰ পাছতো কৰায়ত্ত নহ’ল ডিম্বেশ্বৰ গগৈৰ হত্যাকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply