নিউজ ডেস্কঃ উত্তৰ কোৰিয়াই দেওবাৰে সমুদ্ৰত বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। এই দাবী কৰিছে দক্ষিণ কোৰিয়াই।  জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়েও টুইট কৰি মিছাইল নিক্ষেপ কৰাৰ কথা স্পষ্ট কৰিছে। 

জাপানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটাৰত লিখিছে- ‘উত্তৰ কোৰিয়াই এটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। এতিয়া আৰু তথ্য লাভ কৰিবলৈ বাকী আছে।’

Yonhap বাতৰি অনুসৰি, আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা সংযুক্ত সৈনিক অনুশীলনৰ পাছতে এই বেলিষ্টিক মিছাইল নিক্ষেপ কৰে উত্তৰ কোৰিয়াই। 

উত্তৰ কোৰিয়াৰ এই পৰীক্ষণমূলক মিছাইল নিক্ষেপৰ পাছত জাপানত ঘোষণা কৰা হয় জৰুৰীকালীন অৱস্থাৰ ।

জাপান চৰকাৰৰ তথ্য মতে উত্তৰ কোৰিয়াই নিক্ষেপ কৰা বেলিষ্টিক মিছাইল দুটাই প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply