ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে চিপকো আন্দোলনৰ ভেটি নিৰ্মাতা প্ৰসিদ্ধ পৰিৱেশকৰ্মী সুন্দেৰলাল বহুগুনায়ে। আজি উত্তৰাখণ্ডৰ ঋষিকেশস্থিত সৰ্ব ভাৰতীয় আয়ু বিজ্ঞান প্ৰতিষ্ঠানত বহুগুনাৰ পৰলোকপ্ৰাপ্তি ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।
নিজৰ গোটেই জীৱন পৰিৱেশ ৰক্ষাৰ বাবে উৎসৰ্গা কৰা বিশিষ্ট পৰিৱেশকৰ্মী গৰাকীয়ে হিমালয়ত হৈ থকা বন ধ্বংসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ লগতে প্ৰতিবাদ গঢ়ি তুলিছিল।
তেওঁৰ চলোৱা সংগ্ৰামৰ ফলতে তদানীন্তন প্ৰধান মন্ত্ৰী ইণ্ডিৰা গান্ধীয়ে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ বাধ্য হৈছিল।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিৱেশকৰ্মী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। টুইটাৰ যোগে দিয়া এক শোকবাৰ্তাত প্ৰধান মন্ত্ৰীয়ে বহুগুণাৰ মৃত্যু আমাৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়।
লগতে পঢ়ক : অখিল গগৈক শপত বাক্য পাঠ কৰালে প্ৰটেম সদস্য ফণীভূষণ চৌধুৰীয়ে
চিপকো আন্দোলন
১৯৭৩ চনত সুন্দেৰলাল বহুগুনাৰ উদ্যোগত গছ কটাৰ বিৰুদ্ধে আৰম্ভ হৈছিল বিখ্যাত চিপকো আন্দোলন। এই আন্দোলনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল যে ইয়াৰ মূল শক্তি আছিল সেই অঞ্চলৰ মহিলাসকল।
উত্তৰাখণ্ডৰ (তেতিয়াৰ উত্তৰ-প্ৰদেশ) চামোলি জিলাত আৰম্ভ হোৱা এই আন্দোলন অতি সোনকালে উত্তৰ ভাৰতৰ আন ৰাজ্যসমূহলৈ প্ৰসাৰিত হৈ পৰে।
হিন্দী শব্দ চিপকোৰ অৰ্থ হৈছে সাবটি ধৰা। গাঁওবাসীসকলে গছ বিলাকক সাবটি ধৰি গছ কটাৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল।