নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰায়ে বৃদ্ধি পাই গৈ আছে। দেশৰ বহু কেইখন ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০০ টকা পৰ্যন্ত হৈছেগৈ। অসমতে ৯০ টকাৰো অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হয় পেট্ৰ’ল। কিন্তু ইয়াৰ বিকল্প ৰূপে প্ৰায় প্ৰতিটো বাহন নিৰ্মাণ কোম্পানীয়ে ইলেকট্ৰিক বাহন বজাৰত মুকলি কৰিছে।

অসমতে বৰ্তমান সময়ত পুৰণি ৰিক্সাসমূহৰ বিপৰীতে ই-ৰিক্সাৰ ব্যৱহাৰ অধিক কৰা পৰিলক্ষিত হয়। ই-ৰিক্সাসমূহৰ জৰিয়তে চালকসমূহেও পূৰ্বতকৈ অধিক উপাৰ্জন কম কষ্টত লাভ কৰে। তাৰ মাজতে নুনাম নামৰ জাৰ্মান-ভাৰতীয় ষ্টাৰ্টআপ এটাই তিনিখনকৈ বৈদ্যুতিক ৰিক্সা ভাৰতৰ পথত চলাবলৈ প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে।

মন কৰিবলগীয়া বিষয়টো হৈছে যে- এই ই-ৰিক্সা কেইখনত ব্যৱহাৰ কৰা হৈছে অডি ই-ট্ৰন বেটাৰী। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে অডি কোম্পানীৰ বেটাৰী ব্যৱহৃত ই-ৰিক্সা ২০২৩চনৰ আৰম্ভণিত চলিব ভাৰতত।

এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ মহিলাসকলৰ বাবে ধন উপাৰ্জনৰ সুযোগ বৃদ্ধি কৰা। উল্লেখযোগ্য যে, বাৰ্মিন আৰু বাংগালুৰুত অৱস্থিত এই ষ্টাৰ্ট-আপটো অডি এনভাৰমেন্টেল ফাউণ্ডেশ্যনৰ দ্বাৰা পুঁজি যোগান ধৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply