নিউজ ডেস্কঃ দেশত প্ৰতিদিনাই ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। যাৰ ফলত যান-বাহন চলাচলৰ ওপৰতো ইয়াৰ প্ৰভাৱ নপৰা নহয়। তদুপৰি টোল গেটতো দিবলগীয়া ধনৰ পৰিমান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই সকলোবোৰৰ মাজতে প্ৰতিজন ব্যক্তিয়ে এতিয়া বিকল্প পথ বিচাৰিছে। পেট্ৰ’ল বা ডিজেল চালিত বাহনৰ পৰিৱৰ্তে বিদ্যুৎ চালিত বাহন বা আন ইন্ধন যোগে চলিব পৰা বাহনৰ দিশে আগবাঢ়িছে গ্ৰাহক।
তাৰ মাজতেই কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এখন গ্ৰীণ হাইড্ৰ’জেন বাহনেৰে সদনত উপস্থিত হয়। ভাৰতত এইখনেই একমাত্ৰ এনে বাহন চলি গ্ৰীণ হাইড্ৰ’জেন চালিত। জানিব পৰা মতে, এবাৰ এই বাহনখনৰ ইন্ধনৰ টেংকীত সম্পূৰ্ণ ইন্ধন ভৰোৱাৰ পাছত ই প্ৰায় ৬০০ কিলোমিটাৰ দূৰত্বলৈ যাব পাৰে। আৰু সেই হিচাপে চাবলৈ গ’লে প্ৰতি কিলোমিটাৰৰ বাবে মাত্ৰ ২ টকা খৰচ হয় এই বাহনখনত।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোসমূহত দেখা গৈছে যে, ‘পাৱাৰ্ড বাই হাইড্ৰ’জেন’ লিখা এই বাহনযোগে আজি নিজ বাসভৱনৰ পৰা সদনত আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে কয় যে- চলিত মাহৰ প্ৰথম ভাগত ভাৰতত প্ৰথমখন হাইড্ৰ’জেন চালিত বাহন টয়টা মিৰাই মুকলি কৰা হৈছিল। গ্ৰীণ হাইড্ৰ’জেনৰ ক্ষেত্ৰত শক্তি উৎপাদন কম খৰচত হয়।
উল্লেখযোগ্য য়ে, গ্ৰীণ হাইড্ৰ’জেনৰ মূল্য প্ৰতি কিলোত প্ৰায় ৫ ডলাৰ। ইফালে, ৩০ মাৰ্চত দেশৰ আন প্ৰান্তৰ লগতে অসমতো বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। বুধবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ’লৰ মূল্য শতকৰ ঘৰ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে।
প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য গুৱাহাটীত আজিৰ দিনটোত ১০০.৭৮ টকালৈ বৃদ্ধি পাইছেগৈ। এনে সময়ত গ্ৰীণ হাইড্ৰজেন চালিত বাহনৰ নিৰ্মাণ কৰিলে ই দেশবাসীক কিছু সকাহ দিয়াৰ সম্ভাৱনা নথকা নহয়।