নিউজ ডেস্কঃ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ ক্ষমতা আৰু বৃদ্ধি পালে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে এটা ৰ’ব’ট। এই ৰ’ব’টটো জটিলতকৈ জটিল পৰিস্থিতিতো জুই নিৰ্বাপন কৰাৰ সহায়ক হ’ব। আৰু এই ৰ’ব’টটোৰ ব্যৱহাৰৰ ফলত কোনো অগ্নিনিৰ্বাপন বাহিনীৰ জোৱানৰ জীৱনৰ প্ৰতি ভাবুকি নাহে।

প্ৰথমবাৰলৈ ভাৰতলৈ অনা এই জুই নিৰ্বাপনৰ ৰ’ব’টৰ মূল্য প্ৰায় ৭ কোটি টকা। উল্লেখ্য যে, দিল্লীৰ যিবোৰ পথত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন যাব নোৱাৰে, তেনে ঠেক পথসমূহতো যাব পাৰে এই ৰ’ব’টটো। যাৰ ফলত জুই নিৰ্বাপন অতি শীঘ্ৰে আৰু সহজে কৰিব পৰা যাব।

জানিব পৰা মতে, এই ৰ’ব’টটো ৬০ৰ পৰা ১০০ মিটাৰ দূৰলৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম। আৰু এই ৰ’ব’টৰ দ্বাৰা ৫ কিলোমিটাৰ প্ৰতি ঘন্টাৰ গতিত আৰু ৩ হাজাৰ লিটাৰ প্ৰতি মিনিটত পানী স্প্ৰে’ পাৰিব জুইৰ ওপৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply