নিউজ ডেস্কঃ কেন্দ্ৰীয় পথ আৰু পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে কয় যে- ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত কেৱল এটাহে টোল গেট থাকিব পাৰিব। এই ৬০ কিলোমিটাৰ পথচোৱাত দুটা টোল গ্লেট থাকিব নোৱাৰিব। আগন্তুক তিনি মাহৰ ভিতৰত এয়া সুনিশ্চিত কৰা হ’ব আৰু এই নিয়ম প্ৰযোজ্য হ’ব।

লগতে তেওঁ কয় যে- ‘যদি ৬০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত দুটা টোল গেট থাকে তেন্তে দ্বিতীয়টো টোল গেট বন্ধ কৰা হ’ব।’ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাই যে, যিসকল লোকে টোল গেটৰ সমীপত বাস কৰে তেওঁলোকক আধাৰ কাৰ্ডৰ জৰিয়তে পাছ প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনি বিকাশ যোঁজনা সন্দৰ্ভত কয়- প্ৰায় ১০০০ লোক জোজিলা সুৰংগৰ কামত নিয়োজিত হৈ আছে। ৭০০০ কোটি টকীয়া এই প্ৰকল্পটোৰ কাম চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply