নিউজ ডেস্ক : দেশজুৰি ক’ভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱ অব্যাহত ৰাখিছে। এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। অৱশ্যে বিগত আঠ দিন ধৰি দেশত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও নিয়ন্ত্ৰণলৈ অহা নাই ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ।
ক’ভিডত প্ৰতিদিনে লক্ষাধিক লোক আক্রান্ত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক মৃত্যুৰ মুখত পৰি থকা মাজতে ক’লা ভেঁকুৰ আৰু বগা ভেঁকুৰ নতুন সংকট কঢ়িয়াই আনিছে। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত ক’লা ভেঁকুৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। বহু লোকৰ শৰীৰত ক’লা ভেঁকুৰৰ অৱস্থিতি ধৰা পৰা লগতে বহু লোক মৃত্যুৰ মুখতো পৰিছে।
চৰকাৰে ইতিমধ্যে ক’লা ভেঁকুৰক মহামাৰী হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশনা জাৰি কৰিছে। ক’লা ভেঁকুৰৰ চিকিৎসাকলৈ চিকিৎসাসকল ব্যস্ত হৈ থকাৰ মাজতে কেইবাজনো ক’ভিড আক্রান্ত ৰোগীৰ শৰীৰত ধৰা পৰিছে বগা ভেঁকুৰৰ অৱস্থিতি।
ক’ভিড ৰোগীৰ এই দুই ধৰণৰ ভেঁকুৰ ধৰা পৰাৰ পিছত এতিয়া চিকিৎসক সকলৰ সন্মুখত নতুন প্ৰত্যাহ্বান হিচাপে থিয় দিছে হালধীয়া ভেঁকুৰ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত হালধীয়া ভেঁকুৰত আক্রান্ত ৰোগী ধৰা পৰিছে। জানিবলৈ পোৱা মতে ক’লা ভেঁকুৰ আৰু বগা ভেঁকুৰতকৈ এই হালধীয়া ভেঁকুৰ অধিক ভয়াবহ।
আৰু পঢ়কঃ ক’ভিডক লৈ হাটশিঙিমাৰীত বিজেপিৰ সজাগতা : মাস্ক পৰিধান কৰিবলৈ ৰাইজক আহ্বান
বগা ভেঁকুৰে মানুহৰ হাওঁফাওঁত আক্ৰমণ কৰাৰ পৰিবৰ্তে ক’লা ভেঁকুৰে আক্ৰমণ কৰে মানুহৰ মস্তিষ্কত। হালধীয়া ভেঁকুৰ এই দুয়ো প্ৰকাৰৰ ভেঁকুৰতকৈ বহু ভয়াবহ কাৰণ ইয়াৰ পূৰ্বে এই ভেঁকুৰ মানুহৰ শৰীৰত ধৰা পৰা নাছিল। অৱশ্যে কিছুমান জন্তুৰ শৰীৰত পূৰ্বেও হালধীয়া ভেঁকুৰ ধৰা পৰিছে।