ডিমাপুৰ: কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এনৰ তিনিটা গোটৰ সৈতে চলি থকা যুদ্ধ বিৰতি চুক্তিৰ ম্যাদ পুনৰ এবছৰ লৈ বৃদ্ধি কৰিছে । নতুন দিল্লীত গৃহমন্ত্ৰ্যালৰ বিষয়া আৰু তিনিওটা বিদ্ৰোহী গোটৰ মাজত ম্যাদ বৃদ্ধিৰ চুক্তি স্বাক্ষৰিত হয় ।
সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালৰ প্ৰকাশ কৰা তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে এন এছ চি এন ৰিফাৰমেচন গোট ,খাংগো কন্যাক গোট আৰু ন্যামলাঙ কন্যাক গোটৰ সৈতে থকা যুদ্ধ বিৰতিৰ চুক্তিৰ ম্যাদ ২০২১ চনৰ১৮ এপ্ৰিলৰ পৰা ২০২২ চনৰ ১৭ এপ্ৰিল লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।
উল্লেখযোগ্য যে যোৱা চাৰি দশক ধৰি নগাসকলৰ ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ সৈতে চলি থকা আলোচনাৰ অধিক তৰান্বিত কৰা তথা ৰাজ্যখনলৈ শান্তি পৰিবেশ ঘুৰাই অনাৰ বাবে এনেদৰে পুনৰ এবছৰ লৈ তিনিটা গোটৰ সৈতে স্বাক্ষৰিত যুদ্ধ বিৰতিৰ চুক্তি বৃদ্ধি কৰা হৈছে ।