মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: অৰুণাচল প্ৰদেশত আজি পুনৰ অসম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। নিৰাপত্তা সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি দিনৰ দহ বজাত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাৰ কোলাগাওঁ‌ অঞ্চলত ছয় নং অসম ৰাইফলছ আৰু এন এছ চি এনৰ আই এম গোটৰ মাজত সংঘটিত হয় এই তুমুল সংঘৰ্ষ।

দুয়োপক্ষৰ সংঘৰ্ষত উগ্ৰপন্থী সংগঠন এন এছ চি এন আই এম গোটৰ দুগৰাকীকৈ কেডাৰ নিহত হোৱাৰ লগতে নিৰাপত্তা বাহিনীৰ হাতত আটক হয় আন এগৰাকী কেডাৰ। আনহাতে এই সংঘৰ্ষত এগৰাকী স্থানীয় লোকো আঘাটপ্ৰাপ্ত হোৱাৰ তথ্য পোৱা গৈছে।

জানিব পৰা মতে অঞ্চলটোত ধনদাবী আৰু বিভিন্ন উগ্ৰপন্থা মূলক কাম কাজ সংঘটিত কৰাৰ উদ্দেশ্যেৰে সংগঠনটোৰ এটা দলে বাঁহৰ পাতি থকাৰ তথ্য লাভ কৰি আচাম ৰাইফলছে তেওঁলোকৰ বিৰুদ্ধে গাঁওখনত অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই সংঘৰ্ষ।

উল্লেখযোগ্য যে সংঘৰ্ষ স্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে তিনিটা ৰাইফলছ আৰু সজীৱ গুলি উদ্ধাৰ কৰিছে । মনকৰিব লগীয়া যে বৰ্তমানেও উক্ত অঞ্চলত অসম ৰাইফলছে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply