নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। সোমবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খেৰিমখান গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এজন দুধৰ্ষ NSCN(IM) কেডাৰ।
কেডাৰেজনে খেৰিমখান গাঁৱত আশ্ৰয় লৈ থকাৰ খবৰ এক গোপন সূত্ৰৰ ভিত্তিত লাভ কৰি নামপং আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে অভিযান চলাই আটক কৰে NSCN(IM)ৰ দুধৰ্ষগৰাকীক।
আটকাধীন কেডাৰজন চাৰজেন্ট মেজৰ আনং চিংফৌ ওৰফে নংপিয়ন(৩০)। কেডাৰজনৰ ঘৰ তিনিচুকীয়া জিলাৰ পাঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ইনথেমত বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব হোমেন বৰগোহাঞিৰ
NSCN(IM)ৰ দুধৰ্ষ কেডাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত ধন দাবী কৰাৰ উপৰিও কেইবাটাও অসামাজিক কামত লিপ্ত আছিল বুলি জানিব পৰা গৈছে।
আটকাধীন কেডাৰগৰাকী পৰা এটা ৯এম এম পিষ্টল, ৬ জাই সক্ৰিয় গুলি, ৩ টা এ,কে ছিৰিজৰ সক্ৰিয় গুলি, বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ, মবাইল ফোন, কিছু নগদ ধনৰ লগতে কিছু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰা হয়।
দুধৰ্ষ কেডাৰগৰাকীৰ পৰা অধিক তথ্য লাভৰ বাবে অৰুণাচল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।