সুখৰ দিনত নিখিল আৰু নুছৰট

বাংলা সুন্দৰী টলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ বিস্ফোৰণ।
সাংসদ হিচাবে নিৰ্বাচিত হোৱাৰ পিছতেই নিখিল জৈন নামৰ ব্যবসায়ী এজনৰ সৈতে বিৱাহপাশত আবদ্ধ হৈ এক প্ৰকাৰ চমক দিছিল।

কিন্তু বিবাহৰ বছৰ পাৰ হওতেই স্বামী নিখিলৰ পৰা নুছৰতে দূৰত্ব বজাই চলিছিল । এই সম্পৰ্কে প্ৰচাৰিত বাতৰিক লৈ মুখ খুলিলে অভিনেত্ৰী তথা সাংসদগৰাকীয়ে। নুছৰতে ক’লে তেওলোকৰ বিবাহ অবৈধ । ভাৰতীয় আইনৰ দোহাই দি নিজৰ বিবাহক অবৈধ বুলি ক’লে নুছৰতে।

নুছৰট জাহানৰ লিখিত বিবৃতি

নুছৰতে নিখিল জৈনৰ সৈতে নিজ বিবাহক অবৈধ বুলি অভিহিত কৰি বিবৃতিত কয়, “তুৰ্কী বিবাহ আইন অনুসৰি বিদেশৰ মাটিত অনুষ্ঠিত কৰা হোৱা বাবে এই বিবাহ অনুষ্ঠান অবৈধ। তদুপৰি যিহেতু ই এক আন্তঃধৰ্মীয় আছিল, সেয়েহে এই বিবাহক ভাৰতৰ “বিশেষ বিবাহ আইন”ত স্বীকৃতৰ প্ৰয়োজন, যি এতিয়ালৈকে হোৱা নাই। আইনৰ আধাৰত এই বিবাহ বৈধ নহয়, যদিও ই এক ‘সম্পৰ্ক’ বা ‘লিভ-ইন-ৰিলেচনশ্বিপহে’। তেনেস্থলত বিবাহ বিচ্ছেদ লোৱাৰ প্ৰশ্নই নুঠে।”

লিখিত ভাবে প্ৰকাশ কৰা বিবৃতিটোত নুছৰতে স্পষ্ট কৰি দিয়ে যে তেওঁ নিজৰ লগতে পৰিয়ালৰ সকলো প্ৰয়োজনীয়তা নিজেই পূৰণ কৰি আহিছে আৰু ইয়াৰ বাবে তেওঁ কাৰো পৰা ধন নলয়।

লোকসভাৰ সদস্যৰ তথ্যত এতিয়াও বিবাহিত

ইপিনে নুছৰতে স্বামী নিখিলৰ পৰা ধন লোৱাৰ বাতৰি প্ৰচাৰ হোৱাক লৈ কয় এনেদৰে, “যিয়ে নিজকে ‘ধনী’ বুলি দাবী কৰিছে আৰু ‘মই তেওঁক ব্যৱহাৰ কৰিছিলো’বুলি দাবী কৰিছে, দৰাচলতে তেৱেঁই পৃথক হোৱাৰ পিছত নিশাৰ আন্ধাৰত মোৰ বেংক একাউণ্টৰ পৰা অবৈধভাৱে ধন উলিয়াইছিল। যি তথ্য মই বেংক কৰ্তৃপক্ষক দি থৈছো, লগতে শীঘ্ৰে ইয়াৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিম।”
তৃণমূল কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ লোকসভালৈ যোৱা সাংসদ নুছৰটৰ বিবাহক লৈ বিশেষ চৰ্চা হোৱাৰ পিছত নিজৰ বিবাহক নিজেই অবৈধ বুলি ঘোষণা কৰা কাৰ্যই সকলো স্তম্ভিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply