নিউজ ডেস্ক- বিবাহৰ বিদায়ৰ মূহুৰ্ত্তটো প্ৰতিৰাকী নাৰীৰ বাবে খুবেই যন্ত্ৰণাদায়ক। বিবাহকাৰ্য সম্পন্ন হোৱাৰ পিছত এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যোৱাৰ এই মূহুৰ্ত্তখিনি সকলো ছোৱালীৰে চকুপানীৰে বাট নেদেখা হৈ পৰে। এনে সময়তে এক হৃদয়বিদাৰক ঘটনা ঘটিল উৰিষ্যাত। মাতৃগৃহৰ পৰা বিদায়ৰ সময়তে পৃথিৱীৰ পৰাই বিদায় ল’লে উৰিষ্যাৰ সোণেপুৰৰ ৰ’জীয়ে।
কান্দি কান্দি বাট নেদেখা হোৱা ৰ’জী এটা সময়ত হৈ পৰিল অচেতন। সংজ্ঞাহীন হৈ পৰা কইনা ৰ’জীক ততাতৈয়াকৈ লৈ যোৱা হ’ল চিকিৎসালয়লৈ। ইতিমধ্যে ৰ’জী এই ইহসংসাৰৰ পৰা বিদায় মাগিছে। চিকিৎসকে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সদৰী কৰে।