নিউজ ডেস্কঃ এগৰাকী ১০ বছৰীয়া শিশুয়ে মাতৃক চকলেট খাবলৈ ৫ টকা বিচাৰিছিল । এই অপৰাধতে মাতৃয়ে গৰম লোহাৰে প্ৰহাৰ কৰিলে সন্তানটিক।
এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ গঞ্জাম জিলাৰ বেৰহামপুৰত। মাতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় শিশুটি। চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকা শিশুটি টিউচনলৈ যোৱাৰ পথত ওচৰ-চুবুৰীয়াই মুখত, পিঠিত আৰু কান্ধত গুৰুতৰভাৱে আঘাত পোৱাৰ চিন দেখি ঘটনা সম্পৰ্কে গম পাই আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে জনোৱা মতে, শিশুগৰাকীৰ মাতৃ তেওঁৰ নিজ মাতৃ নহয়। গৰম লোহাৰ ৰডেৰে শিশুটিক প্ৰহাৰ কৰাৰ পিছত শৰীৰৰ আঘাতৰ দাগবোৰ সতীয়া মাতৃগৰাকীয়ে পাউদাৰেৰে ঢাকিবলৈ চেষ্টা কৰিছিল । আনকি কাৰো আগত এই সম্পৰ্কে নক’বলৈ সকীয়াই দিছিল।
শিশুটিক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি শিশুটিৰ ককাকে সতীয়া মাতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে বৰ্তমান আটক কৰিছে মাতৃগৰাকীক।