নিউজ ডেস্কঃ উৰিষ্যৰ ঝাৰছুগড়াৰ ব্ৰজৰানগৰত দেওবাৰে দিনৰ প্ৰায় ১ মান বজাত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাসক এ এছ আই গোপাল দাসে গুলীয়াই হত্যা কৰে। মন্ত্ৰীজনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা সময়তে এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। বুকুত দুটাকৈ গুলী লগাৰ পিছতেই মন্ত্ৰী গৰাকী অচেতন হৈ পৰে । পিছত তাৎক্ষণিকভাৱে বিমানযোগে ভূৱনেশ্বৰৰ এপ’ল’ হস্পিতাললৈ লৈ যোৱা হয় যদিও তেওঁক মৃত্যু হোৱা বুলি জনাই।
ইফালে, গুলীচালনা কৰা এ এছ আই গোপাল দাসক আৰক্ষীয়ে ঘটনাস্থলীতেই কৰায়ত্ত কৰে। বৰ্তমানলৈকে কোনো আক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে জেৰা অব্যহত ৰাখিছে।
প্ৰত্যক্ষদৰ্শী ভাষ্য অনুসৰি, এ এছ আই গোপাল দাসে নিচেই কাষৰ পৰা স্বাস্থ্যমন্ত্ৰীজনলৈ গুলীচালনা কৰিছিল।
উল্লেখযোগ্য যে, নৱ কুমাৰ দাস উৰিষ্যৰ বিজু জনতা দলৰ নেতা হোৱা লগতে উৰিষ্য চৰকাৰৰ এজন অন্যতম গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰীয়ো আছিল।