নিউজ ডেস্কঃ ২০২২-২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহৰ লোকচান হৈছে ১৮,৪৮০ কোটি টকা। ৰাজহুৱা খণ্ডৰ তিনিটা প্ৰধান পেট্ৰলিয়াম কোম্পানীয়ে এই তথ্য নিয়ন্ত্ৰণমূলক ফাইলিঙত দিছে।

ইয়াৰ মতে, ব্যয়ৰ মূল্য বৃদ্ধি হোৱাৰ পাছতো পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সুস্থিৰ কৰি ৰখাৰ বাবে ইণ্ডিয়ান অইল, হিন্দুস্তান পেট্ৰ’লিয়াম আৰু ভাৰত পেট্ৰ’লিয়ামৰ অভিলেখ লোকচানৰ সন্মুখীন হৈছে৷ ৰাজহুৱা খণ্ডৰ পেট্ৰলিয়াম কোম্পানীসমূহে শ্বেয়াৰ বজাৰক জনোৱা মতে, তেওঁলোকৰ মুঠ লোকচান হৈছে ১৮,৪৮০ কোটি টকা। দৰাচলতে কিছুদিনৰ পৰা পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্য সুস্থিৰ হৈ আছে। ইয়াৰ বাবেই এই কোম্পানীসমূহে লোকচানৰ সন্মুখীন হৈছে, যিটো এতিয়ালৈকে যিকোনো ত্ৰৈমাসিকত অভিলেখসংখ্যক লোকচান।

ৰাজহুৱা খণ্ডৰ তিনিওটা তেল কোম্পানীয়ে নিয়ন্ত্ৰণমূলক ফাইলিঙত জনাইছে যে জুন ত্ৰৈমাসিকত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি নোহোৱাৰ বাবে তেওঁলোকৰ লোকচান যথেষ্ট বৃদ্ধি পাইছে। এই কোম্পানীসমূহৰ ব্য়ৱহায় হ্ৰাস পোৱাৰ বাবেই এনে হৈছে। দৰাচলতে পেট্ৰ’ল আৰু ডিজেলৰ বাহিৰেও ঘৰুৱা ৰন্ধন গেছৰ (এল পি জি) বজাৰ হ্ৰাস পোৱাৰ ফলত প্ৰথম ত্ৰৈমাসিকত এই কোম্পানীসমূহক বিশাল শোধন লাভৰ পৰা ৰক্ষা পোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply