উত্তৰ পূৰ্বাঞ্চলৰ তিনিটা তৈল উদ্যোগ প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰপৰেশ্যন লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ প্ৰাক্তন মুৰব্বী বিষয়া ৰঞ্জিত কুমাৰ দত্তৰ ( ৭৫) আজি কভিডত আক্ৰান্ত হৈ মৃত্যু হয়।
উল্লেখযোগ্য যে ২০০৬ বৰ্ষত অইলৰ অধ্যক্ষ ও পৰিচালন সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা দত্ত ডিব্ৰুগড় কনভয় ৰোডৰ নিৱাসী যদিও তেওঁ কলিকতাতে নিগাজিকৈ থাকিবলৈ লৈছিল।
২০২০ বৰ্ষৰ ৬ এপ্ৰিলত পত্নী জুলি দত্তৰ বিয়োগৰ পাছত অকলশৰীয়া হৈ পৰা দত্ত শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈ কলিকতাৰ এপল হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি বিয়লি ৩-৩০ বজাত মৃত্যুক সাৱটি লয়।
কম বয়সতে ইণ্ডিয়ান অইল কৰপৰেশ্যন লিমিটেডৰ দৰে বৃহৎ তৈল প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালক পদবীত অধিষ্ঠিত হোৱা দত্তই নুমুলীগড় ৰিফাইনেৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্য দায়িত্ব গ্ৰহণ কৰি ২০০২ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ ও পৰিচালন সঞ্চালকৰ পদ অলংকৃত কৰিছিল।
২০০৬ চনত অইলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও বিগত কংগ্ৰেছ চৰকাৰৰ সময়ত অসম চৰকাৰে কেবিনেট মৰ্যাদাৰে তেওঁক পেট্ৰ’লিয়াম শাখাৰ উপদেষ্টাৰ পদ প্ৰদান কৰিছিল।
লগতে পঢ়ক বিধানসভাৰ অধিবেশনৰ বাবে সাজু,প্ৰ’টেম অধ্যক্ষ ৰূপে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে