নিউজ ডেস্ক : দেশত ক্ষিপ্ৰতাৰে বিয়পিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন। দেশৰ ১৯ খন ৰাজ্যলৈ বিয়পিছে অ’মিক্ৰন। অ’মিক্ৰনত আক্রান্তৰ সংখ্যা ৫৭৯ জনলৈ বৃদ্ধি পাইছে। কেইখনো ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন বলবৎ।
ভাৰতত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশত ক’ভিডত নতুন ভেৰিয়েন্ট অ’মিক্ৰন। বৰ্তমানলৈকে দেশৰ ১৯ খনকৈ ৰাজ্যলৈ বিয়পিছে অ’মিক্ৰন। দেশত অ’মিক্ৰনত আক্রান্তৰ সংখ্যা ৫৭৮ জনলৈ বৃদ্ধি পাইছ। ৰাজধানী দিল্লীত ৭৯ জন লোক আক্রান্ত হৈছে অ’মিক্ৰনত।
লগতে পঢ়ক : বনভোজস্থলীৰ পৰা ওভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা! নিহত এজন
ইফালে যোৱা ২৪ ঘণ্টাত দেশত কভিডত নতুনকৈ আক্রান্ত হৈছে ৬ হাজাৰ ৫৩১ জন লোক। ক’ভিড আৰু অ’মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাখনো ৰাজ্যত পুনৰ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। অসমতো বলবৎ কৰা হৈছে নৈশ সান্ধ্য আইন।