নিউজ ডেস্কঃ দেশত বৃদ্ধি পাইছে অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে অ’মিক্ৰনৰ লগত যুঁজিবলৈ টঙালি বান্ধি সাজু হৈছে কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ।

অ’মিক্ৰনক লৈ কেন্দ্ৰই ৰাজ্য চৰকাৰলৈ সতৰ্কবাণী জাৰি কৰিছে।

ভাৰতত অমিক্ৰণত আক্ৰান্তক দুশৰ ঘৰ অতিক্ৰম কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সতৰ্কতা প্ৰদান কৰিছে।

প্ৰতিখন ৰাজ্যতে কোভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কোভিড ”ৱাৰ ৰূম” বৃদ্ধি কৰাৰ নিৰ্দেশ।

লগতে পঢ়কঃইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ অসম কন্যাৰ

প্ৰয়োজন সাপেক্ষে পুনৰ নৈশ সান্ধ্য় আইন জাৰি কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে।

জনসমাগম নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে কাৰ্যালয়ত সীমিত সংখ্য়াক কৰ্মচাৰী নিয়োগ কৰাৰ পৰামৰ্শ দিছে।

ৰাজহুৱা পৰিবহণ সেৱাতো যাত্ৰীৰ সংখ্য়া নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তাৱ দিছে কেন্দ্ৰ চৰকাৰে।

উল্লেখ্য যে, অমিক্ৰণত মহাৰাষ্ট্ৰৰ ৫৪জন, দিল্লীৰ ৫৪ জন, তেলেংগানা ২০জন, কৰ্ণাটকৰ ২০জন, ৰাজস্থানৰ ১৮জন, কেৰেলাৰ ১৫ জন আৰু গুজৰাটৰ ১৪জন আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

ভাৰতত যোৱা ২৪ ঘণ্টাত ৫,৩২৬ জন নতুন কোভিড-১৯ত সংক্ৰমিত ৰোগী ধৰা পৰিছে।

বৰ্তমানলৈকে দেশত কোভিডত সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ৩,৪৭,৫২,১৬৪ ত উপনীত হয়। ভাৰতত বৰ্তমান সক্ৰিয় হৈ আছে ৭৯,০৯৭ টা।

আনহাতে দেশত যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৫৩ জন। ইয়াৰ ফলত দেশত কোভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৪,৭৮,০০৭ জনলৈ বৃদ্ধি হৈছে।

মঙলবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য সদৰী কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply