নিউজ ডেস্ক : নতুনকৈ ধৰা পৰা কৰোনা ভাইৰাছৰ এটা ভেৰিয়েণ্ট এতিয়াৰ বিশ্বৰ চিকিৎসা বিজ্ঞানীমহলৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিছে। দক্ষিণ আফ্ৰিকাত সন্ধান পোৱা B.1.1 529 নামৰ এই ভেৰিয়েণ্টক বিশ্ব স্বাস্থ্য সংস্থাই Variant of Concern হিচাপে অভিহিত কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে Omicron নামৰ এই ভেৰিয়েণ্টেৰ অসংখ্য মিউটেশন আছে আৰু ইয়াৰে কিছুমান যথেষ্ট উদ্বেগজনক।

‘প্ৰাথমিক গৱেষণাত ধৰা পৰিছে যে কৰোনা ভাইৰাছৰ আন ভেৰিয়েণ্ট সমূহৰ তুলনাত এই ভেৰিয়েণ্টে বাৰে বাৰে সংক্ৰমিত কৰাৰ আশংকা যথেষ্ট বেছি,’ বিবৃতিটোত কোৱা হয়।

বিবৃতিটোত লগতে কোৱা হয় যে দক্ষিণ আফ্ৰিকাৰ প্ৰায় সকলো বিলাক প্ৰদেশতে Omicron-ৰ কেছ বৃদ্ধি পাবলৈ ধৰিছে।

লগতো পঢ়ক : ”চৰকাৰ আহিব আৰু যাব কিন্তু গণতন্ত্ৰ সদায় বিকশিত হ’ব লাগিব”-জেপি নাড্ডা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply