নিউজ ডেস্ক: সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা শিহৰণকাৰী দৃশ্য। এটা সু-উচ্চ বিল্ডিঙৰ খিৰিকীৰ পৰা হঠাৎ তললৈ সৰি পৰিছে এটি কণমানি শিশু,পিছে ক্ষন্তেকৰ বাবে উশাহ স্তব্ধ হৈ পৰা উক্ত দৃশ্যৰ পিছ মুহূৰ্ততে দেখা যায় আন এক অভূতপূৰ্ব দৃশ্য।

বিল্ডিংটোৰ তলত এজন লোকে দৌৰি আহি তললৈ সৰি পৰা শিশুটিক নিজৰ কোলাত সাবটি লয়। এক অবিশ্বাস্য ঘটনা, নেদেখিলে কোনোপধ্যেই বিশ্বাস নোৱাৰি।

ঘটনাটো চীনৰ। NDTV-ত প্ৰকাশ পোৱা মতে, যোৱা মঙলবাৰে চীনৰ Zhejiang প্ৰদেশৰ Tongxiang-ত উক্ত ঘটনাটো সংঘটিত হৈছিল। যোৱা ২২ এপ্ৰিলত চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ Lijian Zhao-এ টুইট যোগে শ্বেয়াৰ কৰা উক্ত শিহৰণকাৰী ভিডিঅ’টো বৰ্তমান ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া টুইটৰ কেপচনত Zhao-এ লিখিছে- “আমাৰ মাজৰ নায়কসকল।”

South China Morning Post-ৰ মতে বিল্ডিংটোৰ পঞ্চম মহলাৰ পৰা সৰি পৰা দুবছৰীয়া কণমানি ছোৱালীজনীক উদ্ধাৰ কৰা লোকজনৰ নাম Shen Dong। ৩১ বছৰীয়া লোকজনে ৰাস্তাৰ সিপাৰে গাড়ী ৰখাই থকা অৱস্থাত পঞ্চম মহলাত এটি শিশু তললৈ পৰো পৰো অৱস্থাত থকা দেখা পাই লগে লগে তলত উপস্থিত হয় আৰু ঠিক কেইছেকেণ্ডমান পিছতে সৰি পৰা শিশুটোক সাবটি ধৰি প্ৰাণ ৰক্ষা কৰে।

লগে লগে শিশুটিক হস্পিটাললৈ লৈ যোৱা হয়। South China Morning Post-ৰ মতে কণমানি ছোৱালীজনীয়ে ভৰি আৰু হাঁওফাঁওত আঘাত পায় যদিও বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে।

লগতে পঢ়ক – নগাঁৱত জামিন লাভৰ পাছতে মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চক ৰাণা প’গাগক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply