হাইদৰাবাদত আজি এক অভাৱনীয় পৰিস্থিতিত পৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এজন লোকে মঞ্চত জোৰ কৰি মুখ্য মন্ত্ৰীৰ সন্মুখৰ পৰা কাঢ়ি নিব খোজে মাইক।
ঘটনাৰ আকস্মিকতাত মন্ত্ৰী শৰ্মাক বিব্ৰত হোৱা দেখা যায় যদিও উক্ত কাণ্ড সংঘটিত কৰা লোকজনক লগে লগে তাৰ পৰা আঁতৰাই নিয়া হয়। লোকজনে মুখ্য মন্ত্ৰীক লক্ষ্য কৰি কিবা কোৱা দেখা যায়।
উক্ত ঘটনাৰ পিছতে সভাস্থলীত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে, লোকজনে পৰিধান কৰা স্কাৰ্ফকনৰ পৰা তেওঁ তেলেংগানা ৰাষ্ট্ৰ সমিতি (TRS)-ৰ সদস্য বুলি সন্দেহ কৰা হৈছে।
উল্লখ্যযোগ্য আজি তেলেংগানাৰ শ্যাম মন্দিৰত উপস্থিত হোৱাৰ পিছত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন ৰেলীত অংশগ্ৰহণ কৰে। শৰ্মাৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উক্ত ৰেলীত উপস্থিত আছিল।
লগতে পঢ়ক – ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালৰ ১৫ গৰাকী প্ৰধানমন্ত্ৰী