নিউজ ডেস্কঃ পুনৰ এবাৰ দেশজুৰি চৰ্চা দিল্লীৰ MCD ৰ নিৰ্বাচন। MCD নিৰ্বাচনৰ যিকোনো কাৰ্যক্ৰমতে আপ আৰু বিজেপিৰে সংঘাত হোৱাটো এটা স্বাভাৱিক ৰূপ লৈছে দিল্লীৰ এম চি ডি হাউচত।

শুক্ৰবাৰে এম চি ডিৰ স্থায়ী কমিটীৰ নিৰ্বাচনৰ ভোটগণনাৰ মাজতে আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজৰ সংঘাত হয়। সংঘাতে এনে ৰূপ লৈ যে, হাউচত একাংশ কাউঞ্চিলৰে টেবুলৰ ওপৰত উঠি আন কাউঞ্চিলক প্ৰহাৰ কৰে লগতে মহিলা সকলেও চুলিত ধৰি মাৰপিটত লিপ্ত হোৱা দেখা গ’ল।

জানিব পৰা অনুসৰি,  মেয়ৰ শেলী অবেৰয়ে কাৰ্যবাহী ক্ষমতা থকা স্থায়ী কমিটীৰ সদস্যৰ এটা ভোট অবৈধ ঘোষণা কৰিছিল যাৰ পিছতেই MCD ৰ হাউচ উত্তেজিত হৈ পৰে।

আপৰ বিধায়ক আতিশী সিঙে অভিযোগ কৰা অনুসৰি, হাইচত বিজেপি উত্তেজিত হৈ দিল্লীৰ মেয়ৰক আক্ৰমণ কৰিছিল তেতিয়া তেওঁলোকে নিৰ্বাচনত পৰাজিত হ’ব বুলি অনুভৱ কৰে।

ইফালে, বিজেপি কাউঞ্চিলৰ পংকজ লুথৰাই অভিযোগ কৰে যে, আপৰ দোষৰ বাবে বিশৃংখলতা সৃষ্টি হয়।

উল্লেখযোগ্য যে, সংঘাতৰ বাবে পুনৰ ২৭ ফেব্ৰুৱাৰীত এম চি ডিৰ স্থায়ী কমিটীৰ বাবে নিৰ্বাচন হ’ব বুলি ঘোষণা কৰা হয়। এইবাৰৰ এম চি ডিৰ নিৰ্বাচনত মুঠ ২৫০ খন আসনৰ ভিতৰত আম আদমী পাৰ্টীৰ ১৩৪ খন আসনেৰে জয়যুক্ত হয়। ইফালে, বিজেপিৰ ১০৪ আৰু কংগ্ৰেছে ৯ খন আসন জয়ী হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply