নিউজ ডেস্ক : উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। ৰাজ্য চৰকাৰ সমূহক ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ আঁচনিৰ নিৰ্দেশ দিছে উচ্চম ন্যায়ালয়ে। অহা ৩১ জুলাইৰ ভিতৰত এই আঁচনি বলবৎ কৰাৰ বাবে ৰাজ্য চৰকাৰ সমূহক এই নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে লগতে প্ৰব্ৰজিত শ্ৰমিক সকলক খাদ্য যোগান ধৰাৰ বাবে সমূহীয়া ৰান্ধনী ঘৰৰ ব্যৱস্থাও হাতত লবলৈ ৰাজ্য চৰকাৰ সমূহক নিৰ্দেশ প্ৰদান কৰিছে। ক’ভিড মহামাৰীৰ এই ভয়াবহ পৰিস্থিতিৰ অন্ত নপৰা পৰ্যন্ত এই ব্যৱস্থা হাতত লোৱাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।
লগতে পঢ়ক : মাছৰ মৃত্যুৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে দীঘলীপুখুৰীত
উচ্চতম ন্যায়ালয়ে ইয়াৰ উপৰিও ক’ভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহা পৰ্যন্ত প্ৰব্ৰজিত শ্ৰমিক সকলক খাদ্য সামগ্ৰী বিতৰণ কৰাৰো নিৰ্দেশ দিছে। সমাজকর্মী অঞ্জলী ভৰদ্বাজ, হৰ্ষ মাণ্ডেৰ আৰু জয়দ্বীপ চহকাৰৰ এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানীত এই নিৰ্দেশ প্ৰদান কৰে।