নিউজ ডেস্কঃ সাৱধান! সামাজিক মাধ্যমত প্ৰচলিত হৈ থকা কিছুমান ডেটিং ছাইটৰ যোগেৰে সুন্দৰী যুৱতীৰ প্ৰেমত নপৰিব। কাৰণ লক্ষাধিক টকা হেৰুৱাব পাৰে আপুনিও। মহাৰাষ্ট্ৰৰ এজন ছফ্টৱেৰ অভিযন্তাই এটা অনলাইন ডেটিং ৱেবছাইটৰ ফান্দত ভৰি দি লক্ষাধিক টকা হেৰুৱাইছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, থানেৰ ৪৮ বছৰীয়া অভিযন্তাগৰাকীয়ে হঠাত এটা অজ্ঞাত নম্বৰৰ পৰা ফোনত এটা মেছেজ পাইছিল য’ত তেওঁক ‘অনলাইন ডেটিঙৰ’ প্ৰস্তাৱ দিয়া হৈছিল।  ব্যক্তিজনে যেতিয়া সেই নম্বৰটোত ফোন কৰিলে তেতিয়া তেওঁক অনলাইন প্ৰফাইল বনোৱাৰ নামত ৩২,২০০ টকা পৰিশোধ কৰাৰ কথা কয়।

কিন্তু ধন আদায় দিয়াৰ পাছতো অভিযন্তাজনৰ নামত কোনো প্ৰফাইল খোলা হোৱা নাছিল। ইয়াৰ বিপৰীতে, তেওঁৰ পৰা অধিক ধন দাবী কৰা হৈছিল। এইদৰে কেইবাবাৰো বিভিন্ন অজুহাতত তেওঁৰ পৰা ধন আদায় কৰিছিল আৰু সৰ্বমুঠ ব্যক্তিজনে ৬,৩৩,৬২৬ টকা পৰিশোধ কৰিছিল। টকা পৰিশোধ কৰাৰ পিছত, যেতিয়া কোনো সঁহাৰি পোৱা নাছিল, অৱশেষত ব্যক্তিজনে শুকুৰবাৰে ভাৰতীয় দণ্ডবিধি আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে। বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আছে কিন্তু এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply