নিউজ ডেস্কঃ এতিয়াৰে পৰা কোভিড-১৯ভেকচিন লোৱাৰ পূৰ্বে ক’ৱিন এপত নিজে অনলাইন পঞ্জীয়ন কৰাতো বাধ্যতামূলক নহয়।

১৮বছৰৰ ওপৰৰ সকলোৱে টিকাকৰণ কেন্দ্ৰত পোনপটীয়াকৈ নিকটতম টিকাকৰণ কেন্দ্ৰলৈ গৈ তাতে পঞ্জীয়ন কৰিব পাৰিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে।

আৰু পঢ়কঃমঙলবাৰে দেশত ২,৫৪২ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু; আক্ৰান্তৰ হাৰ ২.৯২ শতাংশ

ভেকচিনৰ লোৱাৰ বাবে অনলাইন ৰেজিষ্ট্ৰেচন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে জনসাধাৰন। শেহতীয়াকৈ তেনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেতবোৰ নতুন নিয়ম প্ৰবৰ্তন কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে ১৮ ৰ পৰা ৪৫ বছৰীয়া লোকক বিনামূলীয়াকৈ কৰ’ণা টিকাকৰণ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। যাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে কৰণা টিকাকৰণৰ বাবে কেৱল টিকাকৰণ কেন্দ্ৰলৈ গৈ তাতে পঞ্জীয়ন কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply