নিউজ ডেস্ক : এগৰাকী সাধাৰণ কমলা বিক্ৰেতাই লাভ কৰিলে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ বঁটা। আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত কৰ্ণাটকৰ হৰেকালা হজব্বা (Harekala Hajabba)-ই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰে ‘পদ্মশ্ৰী’ সন্মান।

মাংগালুৰু চহৰত ৰাস্তাত কমলা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা হজব্বাক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰা হয়। কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নথকা হজব্বাই তেওঁৰ গৃহ গাঁও হৰেকালাত নিজৰ জমা পুঁজিৰে এখন বিদ্যালয় স্থাপন কৰিছে।

ইয়াৰ উপৰি তেওঁ প্ৰতি বছৰে আয়ৰ এক বুজন পৰিমাণ উক্ত বিদ্যালয়খনৰ বিকাশৰ বাবে দান কৰি আহিছে।

হৰেকালা হজব্বাৰ পদ্মশ্ৰী যাত্ৰা –

৬৫ বছৰীয়া ফল বিক্ৰেতা হজব্বাই মাংগালুৰুৰ পৰা ৩৫ কিঃমিঃ নিলগৰ নিজৰ গাঁৱত আজিৰ পৰা ২৬ বছৰ পূৰ্বে ১৯৯৫ চনত বিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰিছিল। পিছত এটুকুৰা নিগাজী মাটি আৰু শিক্ষা বিভাগৰ পৰা তেওঁ বিদ্যালয়ৰ স্থাপনৰ অনুমতি লাভ কৰে।

অৱশেষত ১৯৯৯ চনত দক্ষিণ কন্নাড়া জিলা পঞ্চায়তে তেওঁৰ বিদ্যালয়খনক অনুমোদন জনায়।

লগতে পঢ়ক : পাকিস্তানি নৌসেনাৰ গুলীত মাছমৰীয়াৰ মৃত্যুক গুৰুত্বসহকাৰে লৈছে ভাৰতে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply