নিউজ ডেস্কঃ আপোনাৰ নামত কৰবাত চিম কাৰ্ড সক্ৰিয় হৈ আছে নেকি? আপোনাৰ পৰিচয় পত্ৰৰে ক’ৰবাত কোনোৱে চিম কাৰ্ড উলিয়াইছে নেকি?

আপোনাৰ অজ্ঞাতে বহুলোকে আপোনাৰ নামত চিম কাৰ্ড উলিয়াই আপোনাক বিপদত পেলাব পাৰে। এতিয়াৰ মাত্ৰ ৩০ছেকেণ্ডতে আপুনি এই বিষয়ে সবিশেষ গম পাই যাব।

প্ৰথমে tafcop.dgtelecom.gov.in পৰ্টেললৈ যাওক। পৰ্টেলটো খুলি নিজৰ মোবাইল নম্বৰ লিপিবদ্ধ কৰক। ইয়াৰ পাছতে আপোনাৰ মোবাইলত অহা OTPৰ সহায়ত লগ ইন কৰক।

তাৰ পিছতেই আপোনাৰ পৰিচয় পত্ৰৰে চলাই থকা সকলো নম্বৰৰ বিৱৰণ আপুনি পাই যাব।

লগতে পঢ়কঃ৩১ ডিচেম্বৰৰ পৰা বন্ধ হ’ব আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভ সেৱা

দূৰসংযোগ বিভাগে ৯টাতকৈ অধিক চিম ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

নিয়ম অনুসৰি, এটা আইডিত ৯টা চিম সক্ৰিয় কৰিব পাৰি। কিন্তু জম্মু-কাশ্মীৰ, অসমকে ধৰি উত্তৰ-পূব ৰাজ্যত আইডিত মাত্ৰ ৬খন চিম সক্ৰিয় কৰিব পাৰি।

৭ ডিচেম্বৰত দূৰসংযোগ বিভাগে এই সম্পৰ্কত জাননী জাৰি কৰিছে। গ্ৰাহকসকলে নিজৰ নামত থকা অধিক চিম সক্ৰিয় কৰি ৰাখিবলৈ পুনৰ প্ৰমাণিত কৰিব লাগিব। চিমখন নিজৰ বুলি প্ৰমাণিত নহ’লে বন্ধ কৰি দিয়া হ’ব বুলি জাননী খনত কোৱা হৈছে।

গ্ৰাহকসকলক প্ৰমাণীকৰণৰ বাবে ৬০ দিনৰ সময় দিয়াৰ লগতে আন্তৰ্জাতিক ৰোমিং আদিৰ বাবে গ্ৰাহকসকলক ৩০ দিন অতিৰিক্ত সময় দিয়া হ’ব বুলি জাননী যোগে দূৰসংযোগ বিভাগে উল্লেখ কৰিছে।

দূৰসংযোগ বিভাগে প্ৰকৃততে বিত্তীয় অপৰাধ, আপত্তিজনক কল, প্ৰৱঞ্চনা কাৰ্যকলাপ আদি ঘটনাৰ তদন্ত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগটোৱে টেলিকম কোম্পানীবোৰক ডাটাবেচৰ পৰা নিয়ম অনুসৰি ব্যৱহৃত নোহোৱা সকলো মোবাইল নম্বৰ আঁতৰাবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, চৰকাৰে চলিত বছৰৰ ছেপ্টেম্বৰ মাহত চিম কাৰ্ড KYC নিয়মো সলনি কৰিছিল। আপুনি যদি এটা নতুন ম’বাইল নম্বৰ ল’ব বিচাৰে অথবা প্ৰিপেইড নম্বৰবোৰ পোষ্টপেইডলৈ বা পোষ্টপেইডৰ পৰা প্ৰিপেইডলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰে তেতিয়া হ’লে আপোনাৰ KYC সম্পূৰ্ণৰূপে ডিজিটেল হ’ব। আপুনি KYC বাবে কোনো কাগজ জমা দিব নালাগে। প্ৰিপেইড পোষ্টপেইড চিমৰ দৰে সকলো কামৰ বাবে এতিয়া কোনো প্ৰপত্ৰ পূৰণ কৰিব নালাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply