চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ অন্যতম প্ৰধান জনগোষ্ঠী হ’ল ‘ৱাংচু’ সকল। পুৰণি কালৰে পৰাই ৱাংছু জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে বিভিন্ন কৃষিভিত্তিক উৎসৱৰ। তাৰেই ভিতৰত অন্যতম প্ৰধান উৎসৱ হ’ল ‘অ’ৰিয়া’।
শস্যৰ শ্ৰীবৃদ্ধি আৰু অধিক উৎপাদনৰ প্ৰত্যাশা কৰি ৱাংছু সকলে প্ৰতিবছৰে পালন কৰি আহিছে অ’ৰিয়া উৎসৱ। সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখে অ’ৰিয়া উদযাপন কৰা হয় যদিও কেতিয়াবা পৰিস্থিতি সাপেক্ষে এই উৎসৱ দুই এদিনৰ তাৰতম্য ঘটে।

বিগত বছৰসমূহৰ দৰে এইবাৰো অৰুণাচল প্ৰদেশৰ কাণুবাৰীত বহুকেইখন গাঁও লগ হৈ অ’ৰিয়া উৎসৱ উদযাপন কৰে। চুবুৰীয়া পাহাৰীয়া ৰাজ্য খনৰ লংডিং জিলাৰ কাণুবাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ।
অনুষ্ঠানত ৱাংছু জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত লোকনৃত্য-গীত পৰিৱেশন কৰি উদযাপন কৰে অ’ৰিয়া উৎসৱ।