নিউজ ডেস্কঃ কোভিড প্ৰতিৰোধী ভেকচিন স্পুটনিক-ভি আৰু এষ্ট্ৰাজেনিকাৰ মাজত মিশ্ৰণ আৰু সামঞ্জস্য (mix & match) পৰীক্ষণ আৰম্ভ কৰা হৈছে । চলিত মাহৰ শেষৰ ফালে এক ফলপ্ৰসূ ৰিজাল্ট লাভ কৰিব জনসাধাৰণে।
ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া কিৰিল দিমিত্ৰিভে এই প্ৰসংগত কয় যে “আমি অতি বেছি আশাবাদী আৰু বিশ্বাস যে ইয়াৰ এক অশ্বৰ্যকৰ ফল লাভ কৰিম যিটো কোভিড প্ৰতিৰোধী বুষ্টাৰ ড’জ হ’ব।
ইয়াৰ পিছত ভাৰতৰ কোভিড প্ৰতিৰোধী ভেকচিন কোভিশ্বিল্ড ভেকচিনৰ লগত স্পুটনিক – ভি মিশ্ৰণ আৰু সামঞ্জস্য (mix & match) পৰীক্ষণ কৰা হ’ব। কোভিশ্বিল্ড আৰু এষ্ট্ৰাজেনিকাৰ একে প্ৰকাৰৰ ভেকচিন । যদি এনে হয় তেন্তে ভাৰতৰ বাবেও যথেষ্ট ফলপ্ৰসূ হৈ পৰিব।
আৰু পঢ়কঃক’ভিড পৰিস্থিতিৰ পর্যালােচনাৰ উদ্দেশ্যে প্রধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স
ফাইজাৰ আৰু মাদৰনা কোভিড প্ৰতিৰোধী ভেকচিন ভাৰতলৈ প্ৰেৰণ কৰিবৰ বাবে ভাৰতৰ সেউজ সংকেটলৈ অপেক্ষা কৰি আছে আমেৰিকা বিদেশ মন্ত্ৰণালয়।
সংকেত লাভ কৰিলেই তীব্রতাৰে ভেকচিন প্ৰেৰণ কৰিবলৈ সাজু আমেৰিকা বিদেশ মন্ত্ৰণালয়। এই ভেকচিন ইতিমধ্যে পাকিস্তান, নেপাল, ভূটান, বাংলাদেশ, মালদ্বীপ, আফগানিস্তান, শ্ৰীলংকালৈ প্ৰেৰণ কৰি আছে আমেৰিকাই।