নিউজ ডেস্ক- হলীউদৰ প্ৰসিদ্ধ অভিনেতা তথা সংগীতজ্ঞ জৰ্জ চেগলৰ মৃত্যু ।
মঙলবাৰে কেলিফৰ্নিয়াত মৃত্যু হয় অভিনেতাগৰাকীৰ।
বাইপাছ অস্ত্ৰোপচাৰৰ জটিলতাৰ বাবে ৮৭ বছৰীয়া অভিনেতাজনৰ মৃত্যু হৈছে। তেওঁৰ পত্নী ছোনিয়া চেগালে এই খবৰটো স্পষ্ট কৰিছে।
৬০-৭০ দশকৰ এই অভিনেতা গৰাকী কমেডী অভিনয়ৰ বাবে চলচ্চিত্ৰ প্ৰেমী সকলৰ মাজত বিশেষ জনপ্ৰিয় আছিল।
১৯৬৬ চনত মুক্তি লাভ কৰা ”হু এফৰেইড অৱ ভাৰ্জিনিয়া ৱলফ ?” নামৰ ছবিখনৰ জৰিয়তে জৰ্জ চেগালে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। এই ছবিখনৰ বাবে তেওঁ অস্কাৰৰ বাবেও মনোনীত হৈছিল।
এই ছবিখনৰ বাবে অভিনেতাগৰাকীয়ে গল্ডেন গ্লোব এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল।
বিগত আঠ বছৰ ধৰি, জৰ্জ চেগলে ১৯৮০ ৰ চনত ”দি গল্ডবাৰ্গ” শীৰ্ষক এবিচিৰ কমেডি ছিৰিজতো অভিনয় কৰি আছিল।
মৃত্যুৰ আগেয়ে তেওঁ ছিৰিজখনৰ অষ্টম চিজনৰ ১৬ খণ্ডটিৰ চিত্ৰগ্ৰহণ কাম চলি আছিল।
৭ এপ্ৰিলত সম্প্ৰচাৰিত হ’ব এই খণ্ডটি। এইখণ্ডটো অভিনেতাজনলৈ শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়োৱা হ’ব।
জৰ্জ চেগলে কিং ৰেট, দি টাৰ্মিনেল মেন, দা ব্লেক বৰ্ড, ফান টু ডিক আৰু জেন, ৰাছিয়ান ৰুলেট, অলছ্ ফেয়াৰ, টাইম অৱ ডাৰ্কনেছ আদিৰ দৰে বহুতো জনপ্ৰিয় ছবি উপহাৰ দি গৈছে।
অভিনেতাজনৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে বিশ্ববাসী।