নিউজ ডেস্ক: চীনৰ য়ুনান প্ৰদেশত শনিবাৰে এটা ৬ মহলীয়া আৱাসিক বিল্ডিং খহি পৰাত ৩৯ জন লোক সন্ধানহীন হৈ থকাৰ লগতে আন ২৩ জন লোক আৱদ্ধ হৈ আছে।

চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিঙে সকলো আৱদ্ধ তথা আহত লোকক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

আনহাতে খহি পৰা বিল্ডিংটোৰ মালিক গৰাকীক আটক কৰা হৈছে। দেশখনৰ জৰুৰী ব্যৱস্থাপনা মন্ত্ৰী হুৱাং মিঙে এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা নঘটে তাৰ বাবে সংশ্লিষ্ট দিশসমূহ পৰ্য্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক – বোকাখাতত অসম চাহ মজদুৰ সংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply