নিউজ ডেস্কঃ কোভিডৰ দ্বিতীয় ঢৌৱে দেশত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। মেঘালয়ৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনত ১৪ বছৰ বয়সৰ তলৰ ৫,০০০ তকৈও অধিক শিশু কোভিড-১৯ পজিটিভ পোৱা গৈছে।

কোভিডত আক্ৰান্ত হৈ ৰাজ্যখনত ১৭ জন শিশু মৃত্যু হৈছে।কোভিডত মৃত্যু হোৱা শিশু কেইজন পূৱ গাৰো পাহাৰ জিলাৰ বুলি জানিব পৰা গৈছে।

যোৱা বৰ্ষৰ পৰা মহামাৰীৰ আৰম্ভণিৰ পৰা ১৪ বছৰ বয়সৰ মুঠ ৫,১০১ টা শিশু কোভিডত আক্ৰান্ত হৈছে।

পিছে তেওঁলোকৰ ৪,৩৪৪ জন আৰোগ্যয়ো হৈছে আৰু ১৭ জনৰ মৃত্যু হৈছে। বাকীসকল শিশু বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰু পঢ়কঃটকিঅ’ অলিম্পিকৰ ভাৰতীয় মহিলা হকী দলত স্থান লাভ মণিপুৰৰ সুশীলা চানুৰ

বিগত মাহত বেছিভাগ শিশু কৰোনাত সংক্ৰমিত হৈছিল। অৱশ্য়ে ৰাজ্যখনত এতিয়ালৈকে কভিড-১৯ত কোনো নৱজাতক আক্রান্ত হোৱা নাই বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আলেকজেণ্ডাৰ লালু হেকে উল্লেখ কৰে।

ৰাজ্যখনত বৰ্তমানলৈ ৪৩,২৫৩ জন কোভিড পজিটিভত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৩৮,০৩২ জন লোক কৰোনামুক্ত হোৱাৰ তথ্য পোৱা গৈছে। আনহাতে কোভিড-১৯ ৰ ফলত ৰাজ্যখনত ৭৫৮ জনৰ মৃত্যু হৈছে।

পিছে কোভিডত আক্ৰান্ত হোৱা শিশুৰ হাৰক লৈ আতংকিত হৈছে ৰাজ্যবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply